“কা” প্ৰত্যাহাৰ নহয়- বিজেপি

ডিজিটেল ডেস্ক: দেশজুৰি চলা আন্দোলনৰ পাছতো কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন৷ সেনা-আৰক্ষীৰ লাঠিৰ কোব, গুলীত নিহত হৈছিল কেইবাজনো আন্দোলনকাৰীৰ। শুকুৰবাৰে মোদী চৰকাৰে তিনিখন বিতৰ্কীত কৃষি আইন বাতিলৰ কথা ঘোষণা কৰাৰ পাছতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাক লৈ উঠিছিল প্ৰশ্ন। এনে সময়ত এজন প্ৰভাৱশালী বিজেপি নেতাই কৰা এক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী মুখতাৰ আাব্বাছ নাকবীয়ে ‘কা’ বাতিলৰ কোনো সম্ভাৱনা নাই বুলি জানিবলৈ দিয়ে৷

মন্ত্ৰীগৰাকীয়ে কয় যে, “কা’ৰ গইনা লৈ সংখ্যালঘুসকলক ৰাজনীতি আৰম্ভ কৰিছে একাংশ লোকে৷ এই আইনখন কোনো কাৰণতে বাতিল নহয়, কাৰণ ভাৰতীয় নাগৰিকক লৈ এই আইনখনে একো ক্ষতি কৰা নাই৷”

#DA_News_Plus
Comments (0)
Add Comment