চকীদাৰ আৰু ৰসায়নবিদ হিচাপে কৰ্মৰত নৱাজুদ্দিন চিদ্দিকী কেনেকৈ হ’ল বলীউদৰ বিখ্যাত অভিনেতা?


ডিজিটেল ডেস্ক: নৱাজুদ্দিন চিদ্দিকীয়ে বহু বছৰ ধৰি কঠোৰ পৰিশ্ৰমৰ ফলত বলিউদত খোপনি পুতিবলৈ সক্ষম হয় ফলত বলিউদত খোপনি পুতিবলৈ সক্ষম হয়। অভিনেতাজনে নিজৰ অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। নেটফ্লিক্সৰ “চিৰিয়াছ মেন”ত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ ৪৯তম এমি ফেছটিভেলত শ্ৰেষ্ঠ অভিনেতা সন্মানৰ বাবেও মনোনীত হৈছিল।


ইণ্ডিয়া টুডেৰ সৈতে এক শেহতীয়া সাক্ষাৎকাৰত, নৱাজুদ্দিন চিদ্দিকীয়ে তেওঁৰ বলিউদ যাত্ৰা আৰু অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰি কয় যে: “My work is something that keeps me alive. I am made for this. That’s why I feel I am an escapist and can’t face real life. When I am shooting, I start feeling as if that world is real. In real life, I am a coward. When I am in my character, I can at least speak the truth through him. In real life, I can’t do that because a lot of things can happen,”


অভিনেতাজনে লগতে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুম্বাইলৈ আহোঁতে এজন চকীদাৰ হিচাপে কৰ্মৰত আছিল আৰু গুজৰাটৰ বৰোদাত থাকোতে ৰসায়নবিদ হিচাপেও কাম কৰিছিল। এখন সৰু গাঁৱৰপৰা মুম্বাইলৈ অহা নৱাজুদ্দিন চিদ্দিকীয়ে নিজকে অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ জীৱনৰ বিভিন্ন পৰ্য্যায়ত বহুতো ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’ব লগা হৈছিলI

BollywoodDA News PlusNawazuddin Siddiqui
Comments (0)
Add Comment