বিতৰ্কত প্ৰাক্তন ক্ৰিকেট তাৰকা নৱজ্যোৎ সিং সিদ্ধু

ডিজিটেল ডেস্কঃ আকৌ বিতৰ্কত প্ৰাক্তন ক্ৰিকেট তাৰকা তথা কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধু ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক বড়ে ভাই বুলি কৈ এতিয়া সমালোচনাৰ সন্মুখীন হৈছে সিদ্ধু ৷ কোৱাৰ্টাৰপুৰ কৰিডৰে পাকিস্তানৰ দৰবাৰচাহিব গুৰুদ্বাৰ দৰ্শনৰ বাবে গৈছিল সিদ্ধু ৷

সিদ্ধুক প্ৰধানমন্ত্ৰী ইমৰান খানৰ হৈ আদৰণি জনাইছিল পাক প্ৰশাসনৰ এজন বিষয়াই ৷ আদৰণি গ্ৰহণ কৰি তেতিয়াই সিদ্ধুৱে ইমৰান খান তেওঁৰ ডাঙৰ ককাইৰ দৰে বুলি উল্লেখ কৰে সিদ্ধুৱে ৷ তাৰ পিছতে ভাইৰেল হৈ পৰে এই দৃশ্য ৷ সিদ্ধু আৰু কংগ্ৰেছক এতিয়া ইয়াৰ বাবে সমালোচনা কৰিছে বিভিন্ন বিজেপি নেতাই ৷ সিদ্ধুক তেওঁৰ সন্তানক সীমান্তলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰে ৷

DA News PlusNavjot Singh Sidhu
Comments (0)
Add Comment