ধোনীলৈ বিশেষ অনুৰোধ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক: ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। য’ত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে নিজকে জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ এগৰাকী অনুৰাগী বুলি ক্ৰিকেটাৰ গৰাকীক অনুৰোধ কৰিছে যে, তেওঁলোকে ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছ দলে আৰু বহুকেইটা IPL-ৰ ছিজন খেলাটো বিচাৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ধোনী প্ৰকৃততে ঝাৰখণ্ডৰ যদিও বৰ্তমান তেওঁ তামিলনাডুৰ এজন প্ৰিয় ল’ৰা। আৰু উল্লেখ কৰে যে, ধোনী সদায়েই শান্ত আৰু তেওঁ জটিল সময়বোৰ কেনেকৈ মোকাবিলা কৰিব লাগে তাক ভালদৰে জানে।

DA News PlusMK StalinMS Dhoni
Comments (0)
Add Comment