মৃত্যুৰ পিছত জীৱন লাভ, মৰ্গৰ পৰা উভতি আহিল হস্পিতাললৈ


ডিজিটেল ডেস্ক: এক নাভূত- নাশ্ৰুত ঘটনা সংঘটিত হৈছে মোৰাডাবাদত। মৃত ঘোষণা কৰাৰ থিক ৭ঘণ্টাৰ পিছতে জীৱিত অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তি।

সূত্ৰ অনুসৰি, শ্ৰীকেশ কুমাৰ নামৰ এজন ইলেক্ট্ৰিচিয়ানক এখন দ্ৰুতবেগী মটৰচাইকেলে খুন্দা মৰাৰ পিছতে বৃহস্পতিবাৰে নিশা তেওঁক জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। মৃতদেহটো চিকিৎসালয়ৰ কৰ্মচাৰীসকলে মৃতদেহটো ফ্ৰীজাৰতো ৰাখিছিল।

প্ৰায় সাত ঘণ্টাৰ পিছত, যেতিয়া মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ সাজু কৰা হয় তেতিয়াই কুমাৰৰ ভগ্নী মধু বালাই লক্ষ্য কৰিছিল যে মৃতদেহটোৱে চলাচলৰ কিছু লক্ষণ দেখুৱাইছে।

ভাইৰেল হোৱা এটা ভিডিঅ’ত বালাক এইদৰে কোৱা শুনা যায়: “তেওঁ একেবাৰে মৰি যোৱা নাই। এইটো কেনেকৈ হ’ল? চাওক, তেওঁ কিবা ক’ব বিচাৰে, তেওঁ উশাহ লৈ আছে।”


মোৰাদাবাদৰ মুখ্য চিকিৎসা অধীক্ষক ডাঃ শিৱ সিঙে কয়: “জৰুৰীকালীন চিকিৎসা বিষয়াই ৰোগীজনক ৩ বজাত পৰীক্ষা কৰিছিল আৰু তেতিয়া তেওঁৰ হৃদস্পন্দন নাছিল। তেওঁ মানুহজনক বহুবাৰ পৰীক্ষা কৰাৰ পিছতহে মৃত ঘোষণা কৰে।” এই ঘটনাটোক সিঙে এক বিৰল ঘটনা বুলিও অভিহিত কৰে।

কুমাৰ এতিয়া মিৰাটৰ এটা স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে । তেওঁৰ ভনীয়েকৰ মতে, “তেওঁ এতিয়াও জ্ঞান ঘূৰাই পোৱা নাই”। চিকিৎসকসকলৰ বিৰুদ্ধে ৰোগীক অৱহেলাৰ অভিযোগো দাঙি ধৰিছে শ্ৰীকেশৰ পৰিয়ালে

DA News PlusMuradabad
Comments (0)
Add Comment