অমিতাভ বচ্চনৰ পাণ মচলা কোম্পানীলৈ আইনী জাননী প্ৰেৰণ

ডিজিটেল ডেস্ক: অমিতাভ বচ্চনে এটা পান মচলা ব্ৰেণ্ডলৈ প্ৰেৰণ কৰিছে আইনী জাননী। অভিনেতাজনে পান মচলা কোম্পানীটোৰ লগত চুক্তি বাতিল কৰা স্বত্বেও বিজ্ঞাপন প্ৰচাৰ অব্যাহত ৰখাৰ বাবেই প্ৰেৰণ কৰিছে আইনী জননী।


অমিতাভ বচ্চনে অক্টোবৰত কমলা পচন্দ নামৰ পাণ মচলা ব্ৰেণ্ডটোৰ পৰা চুক্তি প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। পাণ মচলাৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ছচিয়েল মিডিয়াটো ট্ৰ’ল কৰা হৈছিল বিগ বিক।বচ্চনে তেওঁৰ 79 তম জন্মদিনত বিজ্ঞাপন প্ৰচাৰৰ চুক্তি প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰি কৈছিল যে প্ৰথমাৱস্থাত তেওঁ এইটো এটা  চাৰোগেট বিজ্ঞাপন আছিল বুলি অৱগত নাছিল। বিজ্ঞাপনটোত কমলা পচন্দক “ৰূপালী আৱৰণ যুক্ত ইলাইচি” বুলি উল্লেখ কৰি প্ৰচাৰ কৰিছিল।

Amitabh BachchanDA News Plus
Comments (0)
Add Comment