কৃষি আইন প্ৰত্যাহাৰক লৈ অসন্তুষ্টি প্ৰকাশ কংগনা ৰাণাৱটৰ

ডিজিটেল ডেস্কঃ যি সময়ত বিতৰ্কিত কৃষি আইন বাতিল কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তক লৈ সমগ্ৰ দেশৰ কৃষক আনন্দিত, ঠিক তেনে সময়ত কংগনা ৰাণাৱটে এই পদক্ষেপক ‘দুখজনক, লজ্জাজনক আৰু সম্পূৰ্ণ অন্যায়’ বুলি অভিহিত কৰিছে। সঘনাই সামাজিক মাধ্যমত চৰ্চা লাভ কৰা অভিনেত্ৰীগৰাকীয়ে এই ক্ষেত্ৰতো প্ৰকাশ কৰিছে ভিন্ন দৃষ্টিভংগী।

তেওঁ ইনষ্টাগ্ৰাম ষ্টোৰিত প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তৰ ওপৰত হতাশা ব্যক্ত কৰি কয় ‘দেশখন জেহাদী ৰাষ্ট্ৰতকৈও অধম হৈছে।’ উল্লেখ্য যে, কংগনাৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই সিদ্ধান্তক শুকুৰবাৰে অভিনেতা চনু সুদ, অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰ, তাপসী পান্নু আৰু ৰিছা চাড্ডাকে ধৰি বহুকেইজন বলিউড তাৰকাই আদৰণি জনাইছিল।

DA News Plus
Comments (0)
Add Comment