টীম ইণ্ডিয়াৰ হাতত পৰাস্ত টি-২০ বিশ্বকাপৰ ৰাণাৰ্ছআপ নিউজিলেণ্ড

ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ হাতত পৰাস্ত টি-২০ বিশ্বকাপৰ ৰাণাৰ্ছআপ নিউজিলেণ্ড ৷ জয়েৰে কাৰ্যকাল আৰম্ভ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ ৷ জয়পুৰত বুধবাৰৰ নিশা অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ টি-২০ চিৰিজৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰিলে ৫ উইকেটত ৷

প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে মাৰ্টিন গুপ্টিলৰ ৭০ আৰু মাৰ্ক ছেপমেনৰ ৬৩ ৰানৰ সহায়ত ৬ উইকেটত সংগ্ৰহ কৰে ১৬৪ ৰান ৷ প্ৰত্যুত্তৰত ভাৰতে সূৰ্যকুমাৰ যাদৱৰ ৬২ আৰু অধিনায়ক ৰোহিত শৰ্মাৰ ৪৮ ৰানৰ সহায়ত ১৯ অভাৰ ৪টা বলত ১৬৬ ৰান সংগ্ৰহ কৰি জয় লাভ কৰে মেচখনত ৷ সূৰ্যকুমাৰ যাদবে লাভ কৰে ‘প্লেয়াৰ অব দ্য মেচ’ৰ সন্মান ৷ এই জয়েৰে ভাৰতে তিনিখনীয়া শৃংখলাত ১-০ত অগ্ৰগতি লাভ কৰিলে ৷

CricketDA News PlusIndiaNewzealandT20
Comments (0)
Add Comment