আইৰণ মেন’ চুট তৈয়াৰ কৰা মণিপুৰৰ নিঙ্গোমবাম প্ৰেমে অভিযান্ত্ৰিক শিক্ষা ল’ব হাইদৰাবাদত


ডিজিটেল ডেস্কঃ পেলনীয়া সামগ্ৰীৰে প্ৰতিকৃতি প্ৰস্তুত কৰি চমক সৃষ্টি কৰা ২০ বছৰীয়া নিঙ্গোমবাম প্ৰেম বৃহস্পতিবাৰে উপস্থিত হ’ল হাইদৰাবাদত। মণিপুৰৰ নিঙ্গোমবামে নিজৰ কামেৰে অজস্ৰ জনৰ প্ৰশংসা লাভ কৰাৰ পিছতে তেওঁক পঢ়াৰ বাবে সহায় কৰাৰ কথা সদৰি কৰিছিল মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই। সেই অনুসৰি অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰাৰ বাবে হাইদৰাবাদত উপস্থিত হৈছেগৈ ২০ বছৰীয়া নিঙ্গোমবাম। ইফালে মহিন্দ্ৰা বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণৰ বাবে হাইদৰাবাদত উপস্থিত হোৱাৰ পিছতে তেওঁক সাক্ষাৎ কৰিবলৈ বিভিন্ন লোক অহা পৰিলক্ষিত হয়।


উল্লেখ্য যে, প্ৰেমে ইলেক্ট্ৰনিক আৱৰ্জনাৰ পৰা মাৰ্ভেল চুপাৰহিৰ’ আইৰন মেনৰ প্ৰতিকৃতি সৃষ্টি কৰিছিল। তেওঁ গোটেই চুটটো তৈয়াৰ কৰিবলৈ পেলাই দিয়া স্ক্ৰেপ সামগ্ৰী, ইলেক্ট্ৰনিক পুতলা, চিৰিঞ্জ, স্পীকাৰ ফ্ৰেম আৰু আইভি-ফ্লুইড টিউবৰ লগতে আন বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰিছিল।


নিঙ্গোমবামৰ আৱিষ্কাৰে সামাজিক মাধ্যমত যথেষ্ট তোলপাৰ লগাইছিল আৰু তেতিয়াই এই খবৰে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। যাৰ ফলশ্ৰুতিত নিঙ্গোমবাম প্ৰেমৰ সপোনবোৰ পূৰ্ণ কৰাত মহিন্দ্ৰাই তেখেতৰ কোম্পানীয়ে সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।


কেৱল প্ৰতিশ্ৰুতি দিয়াতে ক্ষান্ত থকা নাই। ২০ বছৰীয়া যুৱকজনে নামভৰ্তি কৰাৰ পিছতে মঙলবাৰে মহিন্দ্ৰাই টুইটাৰত দুখন ফটো শ্বেয়াৰ কৰি লিখিছে, “আমি তেওঁ বিচৰা অভিযান্ত্ৰিক শিক্ষা লাভ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিলো আৰু তেওঁ হায়দৰাবাদৰ মহিন্দ্ৰা বিশ্ববিদ্যালয়ত উপস্থিত হৈছে বুলি জনোৱাত মই আনন্দিত।

DA News PlusMahindra Group
Comments (0)
Add Comment