অনিৰ্দিষ্ট কাললৈ বন্ধ দিল্লীৰ সকলো স্কুল-কলেজ: বায়ু প্ৰদূষণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱাত চৰকাৰে লৈছে এই তাৎক্ষণিক সিদ্ধান্ত

ডিজিটেল ডেস্ক: ক্ৰমাৎ বাঢ়ি অহা বায়ু প্ৰদূষণৰ বাবে দিল্লীৰ সকলো স্কুল-কলেজ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে চৰকাৰে লগতে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ প্ৰৱেশ ২১ নৱেম্বৰৰ দেওবাৰলৈকে সীমাবদ্ধ কৰা হৈছে দিল্লীত। বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (CAQM) মঙলবাৰে এই নিৰ্দেশনা জাৰি কৰে। বায়ু প্ৰদূষণৰ বাবে দিল্লীবাসীয়ে উশাহ লওঁতে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। সেয়ে দিল্লীৰ সকলো কল-কাৰখানা আৰু পুৰণি বাহন চলোৱাত নিষেধাজ্ঞ জাৰি কৰিছে প্ৰশাসনে।
ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সংগঠনবোৰে নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ 50% কৰ্মচাৰীয়ে 21 নৱেম্বৰলৈকে ঘৰৰ পৰা কাম কৰে।
ৰে’ল, মেট্ৰ’ ৰে’ল, বিমানবন্দৰ আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ কাৰ্যকলাপৰ বাহিৰে সকলো নিৰ্মাণ কাৰ্যকলাপ দেওবাৰ পৰ্যন্ত বন্ধ থাকিব দিল্লীত।

DA NDelhiPollution
Comments (0)
Add Comment