উৰিষ্যাৰ জনজাতীয় নাৱৰীয়াই বাঁহৰ দলং নিৰ্মাণৰ বাবে বন্ধকত ৰাখিলে ফাৰ্ম

ডিজিটেল ডেস্ক: উৰিষ্যাৰ কোৰাপুট জিলাৰ এজন জনজাতীয় নাৱৰীয়াই নিৰ্মাণ কৰিলে বাঁহৰ দলং। মানুহ  কঢ়িওৱা একমাত্ৰ নাওখন ক্ষতিগ্ৰস্ত হোৱাৰ পিছত দলং নিৰ্মাণ কৰিবলৈ মন মেলে। নিজৰ কুঁহিয়াৰৰ খেতিক বন্ধকত ৰাখি  ইন্দ্ৰাৱতী নদীৰ ওপৰত নিৰ্মাণ কৰে দলংখন।

জয়দেৱ ভাত্ৰা নামৰ নাৱৰীয়াজনে  নিৰ্মাণ কৰা দলংখন ১০০ মিটাৰ দৈৰ্ঘ্যৰ।  দলংখনে দক্ষিণ উৰিষ্যাৰ দুখন জিলা কোৰাপুট আৰু নবৰংপুৰক সংযোগ কৰিছে। তিনিখন পঞ্চায়তৰ প্ৰায় ১০,০০০ লোকৰ বাবে জীৱনৰেখা হৈ পৰিছে দলংখন।

BridgeDA News PlusMortgagOdisha
Comments (0)
Add Comment