অৱশেষত “চাইনীজ” বিতৰ্কৰ ক্ষেত্ৰত স্পষ্টীকৰণ দাঙি ধৰিলে গুঞ্জন সিংহাৰ পিতৃয়ে

ডিজিটেল ডেস্ক: নৃত্য পৰিচালক ৰাঘৱ জুয়ালক নৃত্য ৰিয়েলিটি শ্ব’ ‘ডান্স দিৱানে ৩’ ত কৰা বিতৰ্কিত মন্তব্যই এতিয়া বিপদত পেলাইছে। বিষয়টো ইমানেই গুৰুতৰ হৈ পৰিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাঘৱক সমালোচনা কৰিছে। ভিডিঅ’টোত হোষ্ট ৰাঘৱক ‘মোমো’, ‘চিং চোং’ আৰু ‘গিব্ৰিছ চাইনিজ’ৰ দৰে শব্দ ব্যৱহাৰ কৰা দেখা গৈছিল যাক আপত্তিজনক বুলি গণ্য কৰা হৈছে।


তাৰ পৰিপ্ৰেক্ষিতত ৰাঘৱে তেওঁৰ মন্তব্যৰ ওপৰত উত্থাপিত হোৱা প্ৰশ্নবোৰৰ স্পষ্টীকৰণ হিচাপে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।ৰাঘৱে চছিয়েল মিডিয়া যোগে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে আৰু কৈছে যে, ডান্স দিৱানে ৩ ৰ পৰা তেওঁৰ এটা ‘সৰু’ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত তেওঁক বৰ্ণবাদী বুলি কোৱা হৈছে। তেওঁ অসমবাসীক আহ্বান জনাইছে সকলোৱে যাতে সম্পূৰ্ণ ভিডিঅ’টো এবাৰ ভালদৰে চাই আৰু তাৰপিছত তেওঁলোকৰ মতামত আগবঢ়াই। মাত্ৰ এটা সৰু ভিডিঅ’ৰ আধাৰত তেওঁক বিচাৰ কৰাটো উচিত নহয়, এই ঘটনাটোৱে তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাইছে।”

অৱশেষত এই সম্পৰ্কত গুঞ্জন সিনহাৰ দেউতাকেও স্পষ্টীকৰণ দাঙি ধৰিছে: “মই প্ৰকৃত ঘটনাটো অনুধাৱন কৰিব পাৰো কাৰণ মই অনুষ্ঠানটোৰ অংশ আছিলোঁ। তাই ইউটিউব চাই চীনা ভাষা ক’বলৈ শিকিছিল। যেতিয়া তাইক টিভি অনুষ্ঠানত তাইৰ প্ৰতিভাৰ বিষয়ে সোধা হৈছিল, তাই কৈছিল যে তাই চীনা ভাষা ক’ব পাৰে। তেওঁলোকে তাইক চীনা ভাষা কথা ক’বলৈ কৈছিল। সেইকাৰণে এইটো স্ক্ৰিপ্টত উল্লেখ কৰা হৈছে,তাই অসমৰ পৰা অহা বাবে নহয়। মানুহে সামাজিক মাধ্যমত ভুল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যদি সেই প্ৰসংগত বিতৰ্কিত কিবা থাকিলহেঁতেন, মই এক স্থিতি ল’লোহেঁতেন, কিয়নো আমি সকলোৱে অসমৰ পৰা আহিছোঁ। মূলতঃ এইটো স্ক্ৰিপ্ট কৰা হৈছিল কিয়নো তাই চীনা ভাষা ক’ব পাৰে।”

DA News PlusDance Deewane 3Gunjan SinhaRaghav juyal
Comments (0)
Add Comment