দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত প্ৰথমবাৰৰ বাবে অনুমোদিত সমকামী অধিবক্তাৰ নাম

ডিজিটেল ডেস্ক : ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে সমকামী অধিবক্তা সৌৰভ কিৰপালৰ ন্যায়াধীশত্বৰ পদোন্নতিৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

২০১৭ চনৰ ১৩ অক্টোৱৰত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিবৰ বাবে কিৰপালৰ নাম প্ৰেৰণ কৰিছিল। চাৰি বছৰৰ বাবে সিদ্ধান্ত স্থগিত ৰখাৰ পিছত ২০২১ চনৰ ১১ নৱেম্বৰত অনুষ্ঠিত বৈঠকত মুকলিকৈ উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ সমকামী অধিবক্তা কিৰপালক ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিয়ে। উল্লেখনীয় যে,অধিবক্তা সৌৰভ কিৰপাল হ’ব দিল্লীৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম গৰাকী সমকামী ন্যায়াধীশ।

DaNewsPlusDelhiHighCourtNationalSouravKirpal
Comments (0)
Add Comment