ডেৰ বছৰ নিস্তব্ধতাৰ পিছত বক্স অফিছত পুনৰ খলকনি

ডিজিটেল ডেক্সঃ ৰোহিত শেট্টিৰ পৰিচালনাত মুক্তি পোৱা অক্ষয় কুমাৰ আৰু কেটৰিনা কাইফ অভিনীত সূৰ্যবংশীয়ে বক্স অফিছত লগাইছে তোলপাৰ। প্ৰায় ১১ দিনৰ পূৰ্বে ছবিগৃহত মুক্তি পোৱা ছবিখনে এতিয়ালৈকে ১৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে বুলি জানিবলৈ দিয়ে বলিউদৰ বাণিজ্য বিশ্লেষক তৰণ আদৰ্শই।

৫ নৱেম্বৰত বক্স অফিছত যাত্ৰা আৰম্ভ কৰা সূৰ্যবংশীয়ে চলচিত্ৰ জগতক পুনৰ জীৱিত কৰি তুলিছে। কৰোনা সংক্ৰমনৰ পিছতো বক্স অফিছত খলকনি লগাবলৈ সক্ষম হোৱা ছবিখনে এতিয়া বলিউড জগতলৈ কঢ়িয়াই আনিছে আশাৰ সঞ্চাৰ।

Akshay KumarBollywoodDA News PlusSooryavanshi
Comments (0)
Add Comment