ওৱেছিয়ে এইবাৰ ৰাজস্থানত আৰম্ভ কৰিব AIMIM দল

ডিজিটেল ডেস্ক : অল ইণ্ডিয়া মজলিছ-ই-ইট্টেহাদুল মুছলিমীন চমুকৈ এইমিম (AIMIM) দলৰ প্ৰধান আসাদুদ্দিন ওৱেছিয়ে ঘোষণা কৰিছে যে, ৰাজস্থানত তেওঁলোকে শীঘ্ৰেই AIMIM দল প্ৰতিষ্ঠা কৰিব। তেওঁ কয় যে, আগন্তুক এক ডেৰমাহৰ ভিতৰতে এই দলটো ৰাজস্থানত আৰম্ভ কৰিব।

লগতে ওৱেছিয়ে মন্ত্যব্য কৰিছে যে, যিহেতু দলটো আৰম্ভ কৰিব, নিশ্চিতভাৱে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত তেঁওলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

পৰৱৰ্তী সময়ত ওৱেছিক নিৰ্বাচন প্ৰসংগত এক প্ৰশ্ন কৰা হয় যে, তেওঁলোকে ভৱিষ্যতে মিত্ৰজোঁট গঠন কৰিব নেকি? আৰু প্ৰত্যুত্তৰত ওৱেছিয়ে কয় যে, বৰ্তমান তেওঁলোকে ৰাজস্থানত দলটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতহে অধিক মনোযোগ প্ৰদান কৰিছে।

AIMIMAssaduddinhOwaisiDaNewsPlusNationalPoliticalRajasthan
Comments (0)
Add Comment