বিপদত ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়া

ডিজিটেল ডেস্কঃ ভাৰতত উপস্থিত হৈয়ে নতুন বিপদৰ সন্মুখীন হৈছে ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়া। সংযুক্ত আৰৱ আমিৰাত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত হতাশাজনক প্ৰৰ্দশনৰ পিছত ভাৰতীয় ক্ৰিকেট দলটো দেশলৈ উভতি অহাৰ সময়তেই ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ পৰা পাঁচ কোটি টকাৰ দুটা বিলাসী ঘড়ী জব্দ কৰে শুল্ক বিভাগে।

ঘড়ী দুটাৰ সন্দৰ্ভত পাণ্ডিয়াৰ হাতত নাই কোনো বৈধ্য নথি। বিলাসী ঘড়ীৰ প্ৰতি আকৰ্ষিত পাণ্ডিয়াৰ ওচৰত আছে পেটেক ফিলিপ নটিলাছৰ পাঁচ কোটি টকাতকৈ অধিক দামী ঘড়ী। পুনৰ এনে নতুন ঘড়ী ক্ৰয় কৰিবলৈ গৈ শুল্ক বিভাগৰ হাতত ধৰা পৰে পাণ্ডিয়া । অৱশ্যে এই দাবী অস্বীকাৰ কৰে পাণ্ডিয়াই।

CricketDA News PlusHardik pandya
Comments (0)
Add Comment