আহি আছে Singham 3

ডিজিটেল ডেস্ক : Sooryavanshi-য়ে দৰ্শকৰ সফল সঁহাৰি পোৱাৰ পাছতেই ৰোহিত চেট্টীৰ পৰিচালিত অন্যতম জনপ্ৰিয় চিনেমা Singham 3 নিৰ্মাণৰ সন্দৰ্ভত পৰিচালক গৰাকীয়ে মন্ত্যব্য প্ৰকাশ কৰিছে।

ৰোহিত চেট্টীয়ে কয় যে,চিনেমাখনৰ কাহিনী কেনেধৰণৰ হ’ব তাৰ বিষয়ে ইতিমধ্যে তেওঁৰ এটা মৌলিক ধাৰণা আছে। লগতে তেওঁ কয় যে, Sooryavanshi য়ে দৰ্শকক প্ৰদান কৰা উল্লাসৰ পৰাই বুজিব পাৰি যে দৰ্শকে Singham 3 সোনকালেই বিচাৰিছে। কিন্তু যিয়েই নহওঁক, ২০২৩ চনৰ পূৰ্বে কোনো প্রকাৰেই Singham 3 আমি মুক্তি দিব নোৱাৰিম বুলি মন্ত্যব্য কৰে নিৰ্দেশক গৰাকীয়ে।

শেষত ৰোহিত চেট্টীয়ে কয় যে, Singham 3 এখন বৃহৎ একচন চিনেমা,সেয়ে চিনেমাখনৰ নিৰ্মাণ যাত্ৰাই কিছু সময় ল’ব। তেওঁ কয় যে, Singham 3 চিনেমাখন সম্পূৰ্ণ হ’বলৈ প্ৰায় ৭ মাহ সময় ল’ব।

এক সংবাদ প্ৰতিবেদনৰ মতে Sooryavanshi চিনেমাখন য’ত সমাপ্ত হৈছে তাৰ পৰাই Singham 3 চিনেমাখনৰ আৰম্ভণি হ’ব। সংবাদ সূত্ৰই সদৰি কৰা অনুসৰি ,ৰোহিত চেট্টীৰ আহিবলগীয়া এই চিনেমাখন সত্য কাহিনীৰ আধাৰত নিৰ্মিত হ’ব। একাংশ সংবাদ প্ৰতিবেদনৰ মতে, কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা Article 370-ৰ আধাৰতেই ৰোহিত চেট্টীয়ে Singham 3 নিৰ্মাণ কৰিব।

BollywoodBollywoodNewsDaNewsPlusEntertainmentMovieUpdatesNationalRohitShettySingham3
Comments (0)
Add Comment