লিজেণ্ড লীগ ক্ৰিকেটৰ আয়ুক্ত হিচাপে নিযুক্ত হ’ল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী

ডিজিটেল ডেস্ক: ২০২২ চনৰ জানুৱাৰী ডুবাইত  প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লিজেণ্ড লীগ ক্ৰিকেট। টি-২০ ক্ৰিকেটৰ নতুন সংযোজন এই ক্ৰিকেট লীগ অৱসৰপ্ৰাপ্ত ক্ৰিকেট খেলুৱৈ সকলৰ মাজত অনুষ্ঠিত হ’ব। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ পৰা অৱসৰ লোৱা ৰবি শাস্ত্ৰী নিযুক্ত হৈছে LLC ৰ নতুন আয়ুক্ত হিচাপে।

ক্ৰিকেটৰ লগত পুনৰ জড়িত হ’বলৈ পাই যথেষ্ট সুখী বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে। ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, ইংলেণ্ড আদি বিভিন্ন দেশৰ অৱসৰপ্ৰাপ্ত খেলুৱৈসকলে ইতিমধ্যেই এই সংযোজনত খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে।

CricketDA News PlusIndiaSports
Comments (0)
Add Comment