৬ ঘণ্টাকৈ বন্ধ থাকিব ৰে’লৰ অনলাইন টিকট সেৱা

ডিজিটেল ডেস্ক : The Railways Passenger Reservation System চমুকৈ PRS সেৱা অহা ২১ নৱেম্বৰলৈকে ৬ ঘণ্টাকৈ বন্ধ থাকিব। PRS সেৱা হৈছে এনে এক সেৱা, যাৰ জৰিয়তে ৰে’লযাত্ৰী সকলে নিজৰ টিকট বুকিং কৰিব পাৰে আৰু প্ৰয়োজন অনুসাৰে সংৰক্ষিত টিকট বাতিলো কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে জনোৱা অনুসৰি এই PRS সেৱা কেৱল নিশাৰ ভাগতহে বন্ধ থাকিব।

নিশাৰ এই ৬ ঘণ্টাত গ্ৰাহকৰ বাবে কোনোধৰণৰ অনলাইন টিকট সংৰক্ষণ বা বাতিলকৰণৰ ব্যৱস্থা উপলব্ধ নাথাকিব। চৰকাৰে জনোৱা অনুসৰি, PRS-সেৱাত অন্তৰ্ভুক্ত থকা ক’ভিড পৰিস্থিতিৰ পূৰ্বৰ সেৱাসমূহ প্ৰত্যাৱৰ্তন কৰাবৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। নিৰ্ধাৰিত এই ৬ ঘণ্টা PRS সেৱাৰ তথ্য প্ৰণালী ব্যৱস্থাৰ উন্নীতকৰণৰ ব্যৱহাৰ কৰা হ’ব।

DaNewsPlusIndianRailwayOnlineServices
Comments (0)
Add Comment