বিতৰ্কিত কংগনা ৰাণাৱতলৈ সমৰ্থন বলিউদৰ প্ৰবীণ অভিনেতাৰ

ডিজিটেল ডেস্ক : ভাৰতৰ স্বাধীনতাক লৈ বিতৰ্কিত মন্ত্যব্য কৰি দেশজুৰি সমালোচনাৰ সন্মুখীন হোৱা অভিনেত্ৰী কংগনা ৰাণাৱতক মুকলিকৈ সমৰ্থন কৰিছে প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই।

প্ৰবীণ অভিনেতা গৰাকীয়ে কয়, কংগনাৰ সৈতে তেওঁ সন্মত যে,ভাৰতে ১৯৪৭ চনত স্বাধীনতাৰ পৰিৱৰ্তে ভিক্ষাহে লাভ কৰিছিল। বিক্ৰম গোখলেই মন্ত্যব্য কৰে যে, আমাক স্বাধীনতা দিয়াহে হৈছিল। ব্ৰিটিছ শাসনকালত স্বাধীনতা সংগ্ৰামীসকলক ফাঁচী দিয়াৰ সময়ত বহুলোক কেৱল মৌন দৰ্শক হৈ আছিল। লগতে তেওঁ মন্তব্য কৰে যে, এই মৌন দৰ্শকসকলৰ ভিতৰত বহু জ্যেষ্ঠ নেতা অন্তৰ্ভুক্ত আছিল।

প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই Hum Dil De Chuke Sanam, Bang Bang, Mission Mangal আদিৰ দৰে বহু জনপ্ৰিয় বলিউদ চিনেমাত অভিনয় কৰিছে, আৰু লগতে তেওঁ বহু মাৰাঠী চিনেমাতো অভিনয় কৰিছে।

BollywoodDaNewsPlusKanganaRanautNationalVikramGokhale
Comments (0)
Add Comment