অভিনেতা চনু সুদৰ ভগ্নী এইবাৰ ৰাজনীতিলৈ

ডিজিটেল ডেস্ক : বলিউদৰ জনপ্ৰিয় অভিনেতা চনু সুদৰ ভগ্নী মালৱিকাই ৰাজনীতিত প্ৰৱেশ কৰিব বুলি এক বিবৃতি যোগে ঘোষণা কৰিছে অভিনেতা গৰাকীয়ে। চনু সুদে কয় যে, তেওঁৰ ভগ্নী মালৱিকাই ২০২২-ৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। লগতে তেওঁ মত প্ৰকাশ কৰে যে, পঞ্জাৱৰ সাধাৰণ জনতাক সেৱা আগবঢ়াবৰ বাবেই তেওঁৰ ভগ্নী মালৱিকা সুদে ৰাজনীতিত প্ৰবেশ কৰিব।

চনু সুদৰ ভগ্নী মালৱিকাই মন্তব্য কৰে যে, বৰ্তমানলৈকে তেওঁ কোন ৰাজনৈতিক দলত যোগদান কৰিব সেয়া এই পৰ্যন্ত থিৰাং কৰা নাই। উপযুক্ত সময়তহে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিব।

মালৱিকাই এটা কথা প্ৰায় নিশ্চিত কৰিছে যে, তেওঁলোকৰ গৃহ সমষ্টি মোগাৰ পৰাই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

DaNewsPlusElectionMalvikaSoodNationalPoliticsPunjabSonuSood
Comments (0)
Add Comment