UP-ক ‘যোগ্য চৰকাৰ’-ৰ প্ৰয়োজন ‘যোগী চৰকাৰ’ নহয় : অখিলেশ যাদৱ

ডিজিটেল ডেস্ক : সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে মন্তব্য কৰিছে যে, উত্তৰ প্ৰদেশক এখন যোগ্য চৰকাৰৰ প্ৰয়োজন, যোগী চৰকাৰ নহয়।

যাদৱে মন্তব্য কৰিছে যে, উত্তৰ প্ৰদেশ এনে এখন চৰকাৰৰ যোগ্য,যি লেপটপ কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানে। যাদৱে দাবী কৰিছে যে, যোগী আদিত্যনাথে লেপটপ, ইন্টাৰনেট আদি ব্যৱহাৰ কৰিব নাজানে।

অখিলেশ যাদৱে এইবুলিও মন্তব্য কৰিছে যে , তেওঁ শুনিবলৈ পোৱা মতে যোগী আদিত্যনাথে আনকি মোবাইল ফোনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়াও নাজানে।

AkhileshYadavDaNewsPlusUttarPradeshYogiAdityanath
Comments (0)
Add Comment