Sooryavanshi- এ শীঘ্ৰেই প্ৰৱেশ কৰিব ২০০ কোটিৰ ঘৰত

ডিজিটেল ডেস্ক : ক’ভিড পৰিস্থিতিৰ বাবে স্থবিৰ হৈ পৰা ছবি জগত পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে। ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি ৫০ শতাংশ দৰ্শকেৰে চিনেমা হল খুলিবলৈ দিয়া অনুমতিৰ সু-খৱৰে ছবি জগতৰ কলা-কুশলী সকললৈ যেন এক আনন্দৰ বন্যা বোৱাই আনিছে।

শেহতীয়াকৈ দীপাৱলিত মুক্তি পোৱা বলিউড চিনেমা ‘Sooryavanshi’-এ মুক্তিৰ পৰা মাত্ৰ ৮ দিনৰ ভিতৰত বিশ্বজুৰি মুঠ ১৯০ কোটি টকা উপাৰ্জন কৰিছে, ইয়াৰে ১২৭.৪৯ কোটি টকা ভাৰতত উপাৰ্জন কৰিছে। ৰোহিত চেট্টীৰ দ্বাৰা পৰিচালিত ‘Sooryavanshi’-ত মুখ্য চৰিত্ৰত আছে অভিনেতা অক্ষয় কুমাৰ আৰু কেটৰীণা কাইফ।

ইয়াৰ উপৰিও চিনেমাখনত বলিউডৰ কেইবাগৰাকী জনপ্ৰিয় অভিনেতাক দেখিবলৈ পোৱা গৈছে। তাৰ ভিতৰত আছে অজয় দেৱগন, ৰণবীৰ সিং, জেকি শ্ৰফ আদি। চিনেমাখনৰ সুন্দৰ পৰিচালনা,সংগীত,চিত্ৰ-নাট্য আদি তথা বহুকেইগৰাকী নামী-দামী অভিনেতা, অভিনেত্ৰীৰ অভিনয়ে দৰ্শকক এইপৰ্যন্ত আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। যাৰ ফলশ্ৰুতিত চিনেমাখনে শীঘ্ৰেই বিশ্বজুৰি বক্স অফিচ অৰ্জনত ২০০ কোটিৰ ঘৰত প্ৰৱেশ কৰিব।

BoxOfficeCollectionDaNewsPlusEntertainmentFilmSooryavanshi
Comments (0)
Add Comment