গুজৰাটী ভাষাতকৈ হিন্দী বেছি ভাল পাওঁ: অমিত শ্বাহ

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ বাৰানসীত অনুষ্ঠিত হোৱা ‘অখিল ভাৰতীয় ৰাজভাষা’ সন্মিলনত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে যে, তেওঁ গুজৰাটী ভাষা ভাল পায়, কিন্তু হিন্দী ভাষাক তাতোকৈ অধিক ভাল পায়। কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে, হিন্দী ভাষা আৰু স্থানীয় ভাষাৰ মাজত কোনোধৰণৰ বিবাদ নাই।

পৰৱৰ্তী পৰ্যায়ত অমিত শ্বাহে এইদৰে মন্তব্য কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰই ৰাষ্ট্ৰভাষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উক্ত সন্মিলনত হিন্দী ভাষাৰ এখন আলোচনী উদ্বোধন কৰে। বাৰাণসীৰ এই সন্মিলনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক সংগ প্ৰদান কৰে।

AmitShahDaNewsPlusHindiHomeMinisterLanguageNationalUnionMinisterUttarPradeshYogiAdityanath
Comments (0)
Add Comment