পুনৰ বিতৰ্কত কংগনা ৰাণাৱত

ডিজিটেল ডেস্ক: দেশৰ আগশাৰীৰ অন্যতম সংবাদ মাধ্যম টাইমছ্ নাওৰ ২০২১ বৰ্ষৰ সন্মিলনত অভিনেত্ৰী কংগনা ৰাণাৱতে ভাৰতবৰ্ষৰ স্বাধীনতাক লৈ কৰা এক মন্তব্যই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। সদ্য পদ্মশ্ৰী প্ৰাপ্ত ৰানাৱতে অনুষ্ঠানৰ মাজতে মন্তব্য কৰে যে, ভাৰতবৰ্ষই ২০১৪ চনৰ পাছতহে প্ৰকৃত স্বাধীনতা লাভ কৰিছে , ১৯৪৭ চনত ভাৰতে ভিক্ষাহে লাভ কৰিছিল, স্বাধীনতা নহয়।

এই মন্তব্যৰ পাছতে দেশজুৰি বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰীগৰাকী। বহুলোকৰ সমালোচনাৰ সন্মুখীন হৈছে কংগনা ৰাণাৱত। দেশৰ বহু ৰাজনৈতিক নেতাই ৰাণাৱতৰ এই মন্ত্যবৰ বিৰোধিতা কৰি কৈছে যে- এই মন্তব্যই দেশৰ স্বাধীনতাৰ লগত জড়িত প্ৰতিজন ব্যক্তিক অপমান কৰিছে। আনকি কংগনা ৰাণাৱতক সংবাদ মাধ্যমে অতি শীঘ্ৰে বৰ্জন কৰা উচিত বুলিও মত প্ৰকাশ কৰিছে। শিৱসেনা দলৰ নেতা নীলম গোৰহে কয় যে- ৰাণাৱতৰ বিৰুদ্ধে দেশদ্ৰোহী গোচৰ ৰুজো কৰিব লাগে আৰু লগতে পদ্মশ্ৰী বঁটাও ঘূৰাই লব লাগে।

ঠিক একেদৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আনন্দ শৰ্মায়ো ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক কংগনা ৰাণাৱতৰ পৰা পদ্মশ্ৰী বঁটা ঘূৰাই ল’বৰ বাবে আহ্বান জনাইছে। শৰ্মাই কয় যে, এই ৰাণাৱতৰ এই মন্তব্যই দেশৰ স্বাধীনতাৰ লগত জড়িত প্ৰতিজন শ্বহীদ, ব্যক্তিক অপমান কৰিছে,যাক নেতৃত্ব প্ৰদান কৰিছিল মহাত্মা গান্ধী, নেহৰু আৰু চৰ্দাৰ পেটেল আদিয়ে। এয়াই নহয়, ৰাণাৱতৰ মন্তব্যই ভগত সিং, চন্দ্ৰশেখৰ আজাদ আদি আন আন সকলো স্বাধীন যুঁজাৰুসকলৰ বলিদানক তুচ্ছ- তাছিল্য কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে আনন্দ শৰ্মাই।
মুঠৰ ওপৰত ৰাণাৱতে ভাৰতবৰ্ষই ২০১৪ চনৰ পৰা স্বাধীনতা লাভ কৰা বুলি কৰা মন্তব্যৰ পাছৰে পৰা এতিয়া অভিনেত্ৰী গৰাকী সর্বত্ৰে সমালোচনাৰ সন্মুখীন হৈছে।

DaNewsPlusFreedomFreedomofIndiaIndiaKanganaRanautPolitical
Comments (0)
Add Comment