ভাৰতৰ টেষ্ট মেচৰ দল ঘোষণা,কোন কোন থাকিব দলত ?

অহা ২৫ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ বিপক্ষে হ’বলগীয়া দুখনকৈ টেষ্ট মেচৰ বাবে বিচিচিআই- এ (BCCI) ইতিমধ্যে ভাৰতীয় দলৰ খেলুৱৈৰ এখন তালিকা প্ৰকাশ কৰিছে। উল্লেখনীয় যে প্ৰথমখন টেষ্ট মেচৰ অধিনায়কৰ দায়িত্বত থাকিব আজিংক্য ৰাহানে। বিচিচিআই- ৰ সম্পাদক জয় শ্বাহে মন্তব্য কৰে যে- বিৰাট কোহলীয়ে দ্বিতীয়খন টেষ্ট মেচৰ পৰাহে অংশগ্ৰহণ কৰিব আৰু লগতে দলক নেতৃত্ব প্ৰদান কৰিব।

আনহাতে ৰোহিত শৰ্মা, ঋষভ পান্ট, জাছপ্ৰীত বুমৰাহ, ম.ছামী দুয়োখন টেষ্ট মেচতে অংশগ্ৰহণৰ পৰা বিৰত থাকিব। নিউজিলেণ্ড আৰু ভাৰতৰ মাজত হ’ব লগা প্ৰথমখন মেচ কানপুৰত (২৫-২৯ নৱেম্বৰ)অনুস্থিত হ’ব, আৰু দ্বিতীয়খন খেল মুম্বাইত ( ৩-৭ নৱেম্বৰ) অনুষ্ঠিত হ’ব।

ভাৰতীয় দলৰ খেলুৱৈৰ তালিকাত আছে –

আজিংক্য ৰাহানে (অধি:), চিতেশ্বৰ পূজাৰা(উপ অধি:), কে এল ৰাহুল, এম আগৰৱাল, শুভমন গিল, শ্ৰেয়াছ আয়াৰ, ৰিদ্ধিমান সাহা ( উইকেট কীপাৰ), কে এছ ভাৰত ( উইকেট কীপাৰ), ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বিন, অক্ষৰ পেটেল, ঈশান্ত শৰ্মা, উমেশ যাদৱ, এম দি চিৰাজ, প্ৰসিদ্ধ কৃষ্ণা, জয়ন্ত যাদৱ।

CricketDA News Plusindian teamIndiaVSNewZealandNationalTest match
Comments (0)
Add Comment