ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১২জন

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বাৰমেৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ পিছতে হাহাকাৰ অঞ্চলটোত। দুৰ্ঘটনাৰ লগে লগে ৰাজপথত দপ দপকৈ জ্বলি উঠে বাছ আৰু ট্ৰাকখন ৷ অগ্নিপিণ্ডত পৰিণত বাছ-ট্ৰাকৰ পৰা ওলোৱা ক’লা ধোৱাই ছানি ধৰে অঞ্চলটো ৷

বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ আৰু অগ্নিকাণ্ডৰ ফলত নিহত হৈছে ১২জন ৷ গুৰুতৰভাৱে আহত কেইবাজনো লোকক উদ্ধাৰ কৰা হৈছে জ্বলন্ত বাছখনৰ পৰা ৷ এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

DA News PlusRajasthan
Comments (0)
Add Comment