প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি অসমৰ ৯গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান

ডিজিটেল ডেস্কঃ সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হয় চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ ৷ ১১৯গৰাকী ব্যক্তিক প্ৰদান কৰা হয় বঁটাসমূহ ৷ ইয়াৰে ৭গৰাকীক পদ্ম বিভূষণ, ১০ গৰাকীক পদ্ম ভূষণ আৰু ১০২ গৰাকীক প্ৰদান কৰা হয় পদ্মশ্ৰী বঁটা ৷ এই বঁটা প্ৰাপকসকলৰ ১৬গৰাকীলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় বঁটা ৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি অসমৰ ৯গৰাকীলৈ এইবাৰ আগবঢ়োৱা হৈছে পদ্ম সন্মান ৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান।

আনহাতে ইমৰান শ্বাহ, ৰোমান শৰ্মা, বীৰুবালা ৰাভা, দুলাল মানকী, মংগল সিং হাজোৱাৰী, গোপীৰাম বৰগায়ন বুঢ়াভকত, বিজয়া চক্ৰৱৰ্তী, লখিমী বৰুৱালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী ৷ তৰুণ গগৈলৈ আগবঢ়োৱা পদ্ম ভূষণ সন্মান গ্ৰহণ কৰিব তেওঁৰ পত্নী ডলী গগৈয়ে ৷

সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানত প্ৰদান কৰা হয় ২০২০ বৰ্ষৰ পদ্ম বঁটাসমূহ ৷ অসমৰ নৃত্য পটীয়সী, ইন্দিৰা পি পি বৰা আৰু শিক্ষাবিদ-সাহিত্যিক লীল বাহাদুৰ ছেত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰে পদ্মশ্ৰী সন্মান ৷ অলিম্পিক পদকজয়ী মণিপুৰৰ বক্সাৰ এম চি মেৰীকমে ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰে পদ্ম বিভূষণ সন্মান ৷ এই অনুষ্ঠানত ৭৩গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় ২০২০ৰ পদ্ম বঁটা ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি ভেংকেয়া নাইডু, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী ৷ মন কৰিবলগীয়া যে ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে ২০২০ বৰ্ষত পদ্ম বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল ৷

DA News PlusTarun Gogoi
Comments (0)
Add Comment