শোকাৱহ ঘটনা, হাস্পতালত অগ্নিদগ্ধ হৈ মৃত্যু ৪ সদ্যোজাতৰ

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। হাস্পতালত অগ্নিদগ্ধ হৈ মৃত্যু হয় ৪টা সদ্যোজাত শিশুৰ। হাস্পতালখনৰ স্পেচিয়েল ইউনিটত আছিল শিশুকেইটি। ভূপালৰ কমলা নেহৰু চিলড্ৰেন্ছ হাস্পতালত সংঘটিত হৈছে এই ঘটনা।

মৃত শিশুকেইটিৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে মধ্যপ্ৰদেশ চৰকাৰে। ৪ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা মধ্যপ্ৰদেশ চৰকাৰৰ। আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ কথা ঘোষণা কৰিছে।

DA News PlusMadhya Pradesh
Comments (0)
Add Comment