ক’ভিড হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল ১০ জন লোক

ডিজিটেল ডেস্কঃ বৈদ্যুতিক বিজুতিৰ ফলত ক’ভিড চিকিৎসালয়ত ঘটিল অঘটন ৷ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল চিকিৎসালয় ৷ ICU চিকিৎসাধীন হৈ থকা অৱস্থাতে কমেও ১০ জন ৰোগীয়ে প্ৰাণ হেৰুৱালে ৷ দেৱালীৰ ব্যস্ততাৰ মাজতে ঘটিল এই অঘটন ৷ এই শোকাৱহ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ আহমদ নগৰৰ এখন চিকিৎসালয়ত ৷

মুম্বাইৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ আহমদ নগৰৰ চিটী চিভিল হাস্পতালত ঘটে এই অঘটন ৷ শনিবাৰে দিনৰ প্ৰায় ১১ বজাত বিদ্যুৎ বিজুতিত চিকিৎসালয়খনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ধোৱাই ছানি ধৰে চৌপাশ ৷ ধোৱাৰ বাবেই শ্বাসৰূদ্ধ হৈ মৃত্যু ঘটে ১০ ক’ৰোনা আক্ৰান্তৰ ৷

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰত ৷ ৰাজ্যখনৰ পালভৰ জিলাত যোৱা এপ্ৰিলত অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ মৃত্যু হৈছিল ICUত থকা ১৩ ৰোগীৰ ৷ এটাৰ পিছত আনটো অনুৰূপ শোকাৱহ ঘটনা সংঘটিত হোৱাত চৰকাৰৰ ক্ষুৰধাৰ সমালোচনা কৰিছে বিৰোধীয়ে

CovidDA News PlusFireMaharashtra
Comments (0)
Add Comment