দেশজুৰি দীপাৱলীৰ মাদকতা, দিল্লীৰ ৰাজপথ উজলিল আলোকসজ্জাৰে

ডিজিটেল ডেস্কঃ পোহৰৰ উছৱ দেৱালী উপলক্ষে উজলি উঠিল দেশৰ ৰাজধানী দিল্লীৰ লগতে ময়ানগৰী মুম্বাইও৷ দিল্লীৰ সাংসদ ভৱন, ৰাষ্ট্ৰপতি ভৱন উজলি উঠিল আলোক সজ্জাৰে৷ ৰং-বিৰঙৰ পোহৰেৰে উজ্জ্বলিত হৈ উঠিল দিল্লীৰ সাংসদ ভৱন৷ একেদৰে দেৱালীৰ নিশা উজলি উঠিল ৰাষ্ট্ৰপতি ভৱনো৷

দিল্লীৰ ৰাজপথসমূহৰ লগতে দেৱালীৰ নিশা এইদৰে আলোকিত হ’ল দেশৰ ৰাজনৈতিক ভৱনসমূহো৷ আনহাতে সমান্তৰালভাৱে মুম্বাইতো দেখা গ’ল দেৱালী উদযাপনৰ ব্যাপক মাদকতা৷ দেৱালীৰ নিশা বিভিন্ন লাইটেৰে আলোকিত হ’ল মায়ানগৰী মুম্বাই৷ মুম্বাইৰ পৌৰ নিগমৰ কাৰ্যালয়ৰ লগতে দেৱালীৰ নিশা উজলিল ঐতিহ্যমণ্ডিত মুম্বাই চেৰ্ণ্টেল ৰে’লৱে ষ্টেচনো৷

DA News PlusDelhiDiwaliNational
Comments (0)
Add Comment