দেশত হঠাৎ কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। ১৯৬৭ চনৰ পাছত দেশত প্ৰথমবাৰৰ বাবে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। নেশ্বনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ চমুকৈ (এন চি আৰ বি) য়ে প্ৰকাশ কৰা প্ৰতিবেদনত এই ভয়ানক তথ্য পোহৰ লৈ আহিছে। বিশেষকৈ শিক্ষার্থী আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। ২৮ অক্টোবৰত (এন চি আৰ বি) য়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত আত্মহত্যাৰ সংখ্যা ১০ শতাংশ লৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, এই সময়ছোৱাত দেশত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। লক্ষণীয় কথাটো হ’ল যে, লকডাউনৰ সময়ছোৱাত যান-বাহনৰ চলাচল যথেষ্ট হ্ৰাস পোৱা বাবে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট পৰিমাণে কমিছে। কিন্তু তাৰ বিপৰীতে ক’ৰনাৰ ত্ৰাস আৰু লকডাউনৰ বাবে ঘৰতে আবদ্ধহৈ থকা শিক্ষাৰ্থী আৰু বৃহৎ লোকচানৰ সন্মুখীন হোৱা ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা।

২০২০ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত দেশত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ১,৫৩,০৫২ টা। উল্লেখ্য যে, ১৯৬৭ চনৰ পাছত দেশত প্ৰথমবাৰলৈ এবছৰত ইমান বৃহৎ সংখ্যক লোকে আত্মহত্যাৰ পথ বাছি লৈছে। (এন চি আৰ বি) ৰ এই তথ্যই এতিয়া সচেতন মহলত তীব্ৰ উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।

DA News PlusIndiasuicide data
Comments (0)
Add Comment