কাৰাগাৰৰ পৰা ঘৰলৈ উভতিল আৰিয়ান খান

ডিজিটেল ডেস্কঃ অৱশেষত মুকলি আকাশৰ তললৈ শ্বাহৰুখ পুত্ৰ আৰিয়ান খান ৷ শনিবাৰে মুম্বাই কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পিতৃ শ্বাহৰুখ খানৰ সৈতে ঘৰলৈ উভতিল আৰিয়ান৷ কাৰাগাৰৰ মুখত ভিৰ লাগিল অনুৰাগীৰ৷ বৃহস্পতিবাৰে জামিন মঞ্জুৰ কৰা হৈছিল আৰিয়ানৰ ৷ গোৱাত এখন জাহাজত আয়োজিত ৰেভ পাৰ্টীত ড্ৰাগছ সেৱনৰ অভিযোগত ৩ অক্টোবৰত NCBয়ে গ্ৰেপ্তাৰ কৰিছিল আৰিয়ানক ৷ ১ লাখ টকাৰ বণ্ডত বৃহস্পতিবাৰে জামিন লাভ কৰিছিল আৰিয়ানে ৷ জামিনদাৰ হিচাপে চহী কৰিছিল অভিনেত্ৰী জুহি চাওলাই ৷

কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছতেই আৰিয়ানক আদৰাৰ পথত দেখা গৈছিল অনুৰাগীৰ ভিৰ ৷ শ্বাহৰুখ খানৰ বাসগৃহ মন্নতৰ সমুখত একাংশ অনুৰাগীয়ে হাতত বেনাৰ-পোষ্টাৰ লৈ বিশেষভাৱে আদৰণি জনায় আৰিয়ানক ৷ ইফালে, মন্নতৰ বাহিৰত একাংশ লোকে চেহনাই বজাই আদৰণি জনালে আৰিয়ানক ৷

আৰিয়ান ঘৰলৈ অহাৰ খবৰে আনন্দিত কৰি তুলিছে শ্বাহৰুখ খানৰ পৰিয়ালৰ লগতে আত্মীয়-স্বজনক ৷ কাৰাগাৰৰ পৰা আৰিয়ান মুক্তি পোৱাৰ খবৰ পায় আনন্দিত হৈ পৰিছিল আৰিয়ানৰ আইতাক ৷ বৃদ্ধ আইতাকৰ মুখত বিৰিঙিছিল হাঁহিৰ ৰেঙণি ৷

Aryan KhanDA_News_Plus
Comments (0)
Add Comment