ডিজিটেল ডেস্কঃ২০২২ৰ IPLত ভুমুকি মাৰিব দুটা নতুন দলে ৷ ডুবাইত লক্ষ্ণৌ আৰু আহমেদাবাদ দলৰ নিলাম সম্পন্ন ৷ ৭,০৯০ কোটি টকাত লক্ষ্ণৌ দল, ৫,৬২৫ কোটি টকাত বিক্ৰী আহমেদাবাদ দল ৷ নিলামত BCCI-এ লাভ কৰিলে ১২,৭১৫ কোটি টকা ৷
২০২২ৰ IPLৰ বাবে দুটা নতুন দল ।লক্ষ্ণৌ আৰু আহমেদাবাদ দলে খেলিব IPLত। RPSG Ventures Ltd.-এ ক্ৰয় কৰিলে লক্ষ্ণৌ দল। RPSG Venturesৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৭,০৯০ কোটি টকাত ক্ৰয় কৰে লক্ষ্ণৌ দলক। CVC Capital Partners-এ ক্ৰয় কৰে আহমেদাবাদক।৫,৬২৫ কোটি টকাত ক্ৰয় কৰে আহমেদাবাদ দল।
২ নতুন দলৰ পৰা BCCI-এ পাব ১২,৫০০ কোটি। ডুবাইত সম্পন্ন হয় নতুন দল দুটাৰ নিলাম।২০২২ চনত মুঠ ১০টা দলে খেলিব IPL অহাবাৰ IPLত অনুষ্ঠিত হ’ব মুঠ ৭৪খন খেল ।নতুন দলৰ বাবে উচ্চাৰণ হৈছিল গুৱাহাটীৰ নামো।