দেশত পুনৰ বৃদ্ধি হৈছে কৰো’ণা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা

ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি হৈছে কৰো’ণা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা । বিগত ২৪ ঘন্টাত ২৩১ জনৰ মৃত্যু। নতুনকৈ আক্ৰান্ত হৈছে ১৫ হাজাৰ ৭৮৬জন লোক। নতুন আক্ৰান্তকে ধৰি দেশত সংক্ৰমিত লোকৰ সংখ্যা বৰ্তমানলৈ ৩কৌটি ৪১লাখ ৪৩ হাজাৰ ২৩৬ জনলৈ বৃদ্ধি । এই মহামাৰীত এতিয়ালৈকে সৰ্বমুঠ মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৫৩হাজাৰ ৪২ জন।

উল্লেখ্য যে ভাৰতে কভিড টিকাকৰণৰ ক্ষেত্ৰত বৃহস্পতিবাৰে ১০০ কৌটি ভেকচিন ড’জ প্ৰদান সম্পূৰ্ণ কৰে। শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, এইয়া এক সোণালী অধ্যায়। ১০০ কোটি লোকক ভেকচিন প্ৰদানেৰে গৌৰৱাম্বিত দেশ। ৯মাহত ১০০ কৌটি ভেকচিন প্ৰদানত এক মাইলৰ খুটিত উপনীত হয়। এয়া এক কঠিন লক্ষ্য আছিল। এই মাইল খুঁটিয়ে নতুন ভাৰতৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। ১০০ কোটি কোভিড ভেকচিনে দেশৰ সামৰ্থক প্ৰতিনিধিত্ব কৰিছে, এক নতুন অধ্যায় ৰচনা কৰিছে।

CovidDA News PlusNew Case
Comments (0)
Add Comment