৩০ অক্টোবৰলৈ কাৰাগাৰতে থাকিব লাগিব শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান

ডিজিটেল ডেস্কঃ শ্বাহৰুখ পুত্ৰ আৰিয়ান খানক ড্ৰাগ্ছ যোগান ধৰাৰ গোচৰত অভিযুক্ত বলিউডৰ মোহময়ী অভিনেত্ৰী অনন্যা পাণ্ডেক শুকুৰবাৰে দ্বিতীয়া দিনৰ বাবে জেৰা কৰে NCB-এ৷ জেৰাৰ কালত অনন্যাই তেওঁ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহ নস্যাৎ কৰাৰ কথা জানিব পৰা গৈছে৷

৩০ অক্টোবৰলৈ কাৰাগাৰত থাকিব লাগিব আৰিয়ান
২৬ অক্টোবৰত মুম্বাই হাইক’ৰ্টত আৰিয়ানৰ জামিন আবেদনৰ শুনানি

২য় দিনৰ বাবে NCBৰ জেৰা অনন্যা পাণ্ডেক
অহা ৩০ অক্টোবৰলৈ আৰ্থাৰ ৰোড কাৰাগাৰতে দিন কটাব লাগিব শ্বাহৰুখ তনয় আৰিয়ান খানে৷ এখন বিশেষ আদালতে ইতিমধ্যে ড্ৰাগ্ছৰ গোচৰত আৰিয়ানৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩০ অক্টোবৰলৈ বৃদ্ধি কৰিছে৷ বিশেষকৈ আৰিয়ানৰ হোৱাটছএপ বাৰ্তালাপত ড্ৰাগ্ছ সৰবৰাহকাৰীৰে তেওঁৰ যোগাযোগৰ সবিশেষ তথ্য লাভ কৰাৰ পিছত আদালতে জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে৷

আদালতৰ মতে, আৰিয়ানৰে ড্ৰাগ্ছ সৰবৰাহকাৰীৰ যোগসূত্ৰ ইতিমধ্যে প্ৰমাণিত হৈছে৷ ইফালে শুকুৰবাৰে ২য় দিনৰ বাবে বলিউডৰ মোহময়ী অভিনেত্ৰী অনন্যা পাণ্ডেক একেটা গোচৰতে জেৰা কৰে NCB-এ৷ উল্লেখ্য যে আৰিয়ান খানৰে হোৱাটছএপত অনন্যাই ড্ৰাগ্ছ সম্পৰ্কীয় বাৰ্তালাপ কৰা বুলি NCBৰ অনুসন্ধানত প্ৰকাশ পাইছে৷

আৰিয়ানৰে দীৰ্ঘদিনৰ সম্পৰ্ক অনন্যা পাণ্ডেৰ
অভিনেতা চাংকি পাণ্ডেৰ কন্যা অনন্যা পাণ্ডে
আৰিয়ানৰ ভগ্নী ছোহানাৰ ঘনিষ্ঠ বন্ধু অনন্যা
ড্ৰাগ্ছ সন্দৰ্ভতো উভয়ৰে মাজত যোগাযোগ দীৰ্ঘদিনীয়া

ড্ৰাগ্ছৰ গোচৰত সাঙোৰ খোৱা অনন্যা পাণ্ডেক NCB-এ দ্বিতীয় দিনৰ বাবে কৰা জেৰাৰ সময়ত তেওঁ অনা অভিযোগসমূহ নাকচ কৰিছে৷ আৰিয়ানৰ বাবে গাঞ্জা যোগান ধৰা অভিযোগো নাকচ কৰিছে অনন্যাই৷ এতিয়া অনন্যাৰ উত্তৰৰ পাছত NCB-এ কি পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয়৷

Aryan KhanBailDA News PlusIndiaJailShahrukh Khan
Comments (0)
Add Comment