একেলগে দিলজিত-ছেহনাজ, ফটো শ্বেয়াৰ কৰি কি ক’লে অভিনেতাজনে ?

ডিজিটেল ডেস্কঃ অভিনেতা তথা সংগীত শিল্পী দিলজিত দছান্জ এতিয়া ব্যস্ত তেওৰ নতুন ছবি হোছলা ৰাখৰ প্ৰচাৰত। ছেহনাজ গীল আৰু সুনম বাজৱাৰ সৈতে ছবিখনৰ প্ৰচাৰৰ কামত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে অভিনেতাগৰাকীক। ছবিখনৰ কেইবাটাও বিশেষ দৃশ্য অভিনেতাগৰাকীয়ে ছ’ছিয়েল মিডিয়াত প্ৰচাৰ কৰিছে। অভিনয়ৰ এখন বিশেষ ফটো শ্বেয়াৰ কৰি সহযোগী অভিনেত্ৰী ছেহনাজ গীলক এগৰাকী সাহসী মহিলাৰ ৰূপত উপস্থাপন কৰিছে দিলজিতে।

ফটোখনৰ কেপশ্যনত তেওঁ লিখিছে, “You Are a strong woman, stay like this’. ফটোখনত প্ৰকাশ পোৱা অনুসৰি ৰঙা টি চাৰ্ট পৰিহিত দিলজিতে হাতেৰে ছেহনাজক কোনো কাম শিকাই থকা বুলি প্ৰকাশ পাইছে। উল্লেখ্য যে, তেওঁলোকৰ ঠিক পিছফালে আছে এখন ক’লা ৰঙৰ বাহন। দুয়োৰে মুখত হাঁহি বিৰিঙি থকা স্থিৰ চিত্ৰখন চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তেওঁলোকৰ অগণন অনুৰাগীয়েও একে পোষ্ট ছ’চিয়েল মিডিয়াত কৰা পৰিলক্ষিত হৈছে।

ইফালে প্ৰথমাৱস্থাত স্থিৰচিত্ৰখন চ’ছিয়েল মিডিয়াত প্ৰথমবাৰ প্ৰকাশ কৰাৰ সময়ত অভিনেতাগৰাকীয়ে সেয়া যে তেওঁলোকৰ আহিবলগীয়া ছবিৰে কোনো এটা মুহূৰ্তৰ দৃশ্য এই কথা প্ৰকাশ কৰা নাছিল। যাৰ বাবে আন একাংশ অনুৰাগীয়ে বিভিন্ন প্ৰশ্ন কৰাও পৰিলক্ষিত হৈছিল। ইফালে ছেহনাজে তেঁওৰ অন্তৰংগ বন্ধু সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছত কোনো ধৰণৰ পোষ্ট শ্বেয়াৰ কৰাৰ পৰা বিৰত আছে। বিগ বচৰ ১৪ জৰিয়তে সিদ্ধাৰ্থ শুক্লা আৰু ছেহনাজ গীলৰ মাজত বন্ধুত্ব হৈছিল। কিন্তু সিদ্ধাৰ্থৰ আকষ্মিক মৃত্যুত ভাঙি পৰিছিল ছেহনাজ। কিছুদিন পুৰ্বে দুয়োৰে অভিনীত এটি গীত ‘আধুৰা’ মুক্তি লাভ কৰিছিল।বৰ্তমান ‘হোছলা ৰাখ’ ছবিখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰীগৰাকী।

DA News PlusDiljit DosanjhShehnaz Gill
Comments (0)
Add Comment