কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা পিতৃ-মাতৃক ভিডিঅ’ কলত কি ক’লে আৰিয়ানে ?

ডিজিটেল ডেস্কঃ ২ অক্টোবৰত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্বাহৰুখ পুত্ৰ আৰিয়ান খান সম্প্ৰতি মুম্বাইৰ আৰ্থাৰ ৰোডৰ জে’লতেই দিন কটাইছে। জে’লৰ পৰাই ভিডিঅ’ কল কৰি পিতৃ-মাতৃৰ সৈতে ১০ মিনিট সময় কথা পাতিলে পুত্ৰই। এই ভিডিঅ’ কলৰ সময়তে পৰিয়ালৰ পৰা টকা বিচাৰিছিল আৰিয়ান খানে। পৰৱৰ্তী সময়ত পৰিয়ালৰ পৰা আৰিয়ানলৈ ৪,৫০০ টকা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি জে’ল কেন্টিনৰ পৰা খাদ্য সংগ্ৰহৰ বাবে এই টকা প্ৰেৰণ কৰিছে পৰিয়ালে। আৰিয়ান খানে জে’লৰ খাদ্য গ্ৰহন কৰিছে। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জে’লত থকা কয়দীসকলক সপ্তাহত দুবাৰকৈ ভিডিঅ’ কল কৰাৰ অনুমতি দিয়া হয় যদিও আৰিয়ানে এবাৰহে এই বিকল্প ব্যবহাৰ কৰে। উল্লেখ্য যে, ক’ভিডৰ ৰিজাল্ট নিগেটিভ অহাৰ পিছত আৰিয়ান খানক কোৱাৰেন্টাইন বাৰ্কৰ পৰা সাধাৰণ কোঠালৈ প্ৰেৰণ কৰিছে।

Aryan KhanDA News PlusVideo Call
Comments (0)
Add Comment