বিপদত বলীউডৰ ২ সুন্দৰী

ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো ড্ৰাগ্ছ কাণ্ডৰে সাঙুৰ খোৱা বলীউডত আন এক বিতৰ্ক৷ এইবাৰ বৃহৎ অৰ্থৰ প্ৰতাৰণাৰ গোচৰত সাঙুৰ খাইছে সুন্দৰী ন’ৰা ফাতেহি আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ নাম৷ ED-ৰ তদন্তৰ আওতালৈ আহিছে দুই অভিনেত্ৰী৷
ED-এ নিদ্ৰা হৰিছে ন’ৰা-জেকলিনৰ। ২০০ কোটিৰ প্ৰতাৰণাৰ গোচৰত অভিযুক্ত দুয়ো।

বৃহস্পতিবাৰে ED-ৰ কাৰ্যালয়ত হাজিৰ ন’ৰা ফাতেহি। শুকুৰবাৰে হাজিৰ হ’ব জেকলিন ফাৰ্ণাণ্ডেজ। ২৬ ছেপ্টেম্বৰতো জেকলিনক তলব কৰিছিল ED-এ। ED-ৰ চমন সত্বেও হাজিৰ নহ’ল জেকলিন। ৰেনবেক্সিৰ প্ৰাক্তন স্বত্বাধিকাৰীক ২০০ কোটিৰ প্ৰতাৰণাৰ অভিযোগত পত্নীসহ জে’লত সুকেশ চন্দ্ৰশেখৰ। চন্দ্ৰশেখৰৰ ক’লা ধন বৈধ কৰাত জড়িত দুই অভিনেত্ৰী!

DA News Plus
Comments (0)
Add Comment