কেতিয়া মুকলি আকাশৰ তললৈ আহিব শ্বাহৰুখ খান তনয় আৰিয়ান খান?

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰেও জামিন নাপালে শ্বাহৰুখ খান তনয় আৰিয়ানে
আৰিয়ানৰ জামিন আৱেদন নাকচ মুম্বাই ছেছন ক’ৰ্টৰ
২০ অক্টোবৰলৈ ৰায়দান স্থগিত ৰাখিলে আদালতে
২০ অক্টোবৰলৈ কাৰাগাৰতে থাকিব লাগিব আৰিয়ান খান
আদালতৰ নিৰ্দেশৰ লগে লগে আৰ্থাৰ ৰোড জে’ললৈ প্ৰেৰণ আৰিয়ানক

পুনৰ আদালতে নাকচ কৰিলে শ্বাহৰুখ খান তনয় আৰিয়ান খানৰ জামিন আৱেদন৷ বৃহস্পতিবাৰে মুম্বাই ছেছন ন্যায়াধীশে অহা ২০ অক্টোবৰলৈ স্থগিত ৰাখে আৰিয়ানৰ জামিন আৱেদনৰ শুনানি৷ আৰিয়ানৰ অধিবক্তা অমিত দেশায়ে আৰিয়ানৰ হাতৰ পৰা কোনোধৰণৰ ড্ৰাগ্ছ উদ্ধাৰ হোৱা নাই বুলি যুক্তি দৰ্শাই তেওঁৰ জামিনৰ বাবে আৱেদন জনাইছিল৷

অৱশ্যে নাৰ্কটিক্ছ কনট্ৰ’ল ব্যুৰ’ই এই অভিযোগ অস্বীকাৰ কৰিছে৷ NCBৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল অনিল সিঙে কয় আৰিয়ান আৰু তেওঁৰ সহযোগি আৰবাজ মাৰ্চেণ্টে ড্ৰাগ্ছ সেৱনৰ প্ৰাকমুহূৰ্তত কৰায়ত্ত কৰিছিল NCB-এ৷ NCBৰ মতে বিগত কেইবাবছৰ ধৰি আৰিয়ানে ড্ৰাগ্ছ সেৱন কৰি আহিছিল৷ লগতে বহু ড্ৰাগ্ছ ডিলাৰৰ সৈতে আৰিয়ানৰ সম্পৰ্ক আছে বুলিও আদালতত উল্লেখ কৰে৷ উভয় পক্ষৰ যুক্তি শুনাৰ পিছত মুম্বাই ছেছন ন্যায়াধীশে অহা সপ্তাহলৈ তেওঁৰ ৰুলিং স্থগিত ৰাখে৷

Aryan KhanDA News Plus
Comments (0)
Add Comment