‘ৰাৱণ’ৰ মৃত্যু! ‘ৰামায়ণ’ ধাৰাবাহিকত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা বিশিষ্ট অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান

ডিজিটেল ডেক্সঃ বিশিষ্ট অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ মৃত্যু। ‘ৰামায়ণ’ ধাৰাবাহিকত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল ত্ৰিবেদীয়ে। নিশা ৮২ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট অভিনেতাজনৰ। হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মুম্বাইৰ হাস্পতালত মৃত্যু হয় অভিনেতাগৰাকীৰ। ‘বিক্ৰম-বেতালৰ’ প্ৰধান চৰিত্ৰত অভিনয় কৰিছিল ত্ৰিবেদীয়ে।

গুজৰাটী চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা আছিল অৰবিন্দ ত্ৰিবেদী। গুজৰাটী চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাসহ ৭টা বঁটা লাভ কৰিছিল ত্ৰিবেদীয়ে। চেনট্ৰেল ব’ৰ্ড ফৰ ফিল্ম চাৰ্টিফিকেশ্যনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল ত্ৰিবেদী। ১৯৯১-৯৬ চনলৈ বিজেপি সাংসদ আছিল অৰবিন্দ ত্ৰিবেদী।

Arvind TrivediDA News Plus
Comments (0)
Add Comment