এইবাৰ ড্ৰাগ্ছ কাণ্ডত আটক শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান

ডিজিটেল ডেস্কঃ পুনৰ ড্ৰাগ্ছ কাণ্ডত বলীউড সংযোগ। এইবাৰ আটক হ’ল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। আৰিয়ান খানৰ লগতে ২ মহিলাসহ ৮জনক আটক কৰে NCBৰ দলে। আটক কৰা মহিলা দুগৰাকী দিল্লীৰ বাসিন্দা। ‘কৰ্ডেলিয়া’ নামৰ জাহাজ খনত চলিছিল পাৰ্টী। মুম্বাইৰ পৰা গোৱা অভিমুখী আছিল জাহাজখন, হঠাৎ জাহাজখনত নাৰ্কটিক্ছ কনট্ৰ’ল ব্যুৰ’ৰ অভিযান আৰম্ভ হৈছিল। জাহাজখনত যাত্ৰীৰ ৰূপত আছিল NCBৰ দল।

উল্লেখ্য যে, জাহাজখনৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ। এই জাহাজখনৰ পাৰ্টীৰ প্ৰৱেশমূল্য আছিল ১ লাখ টকা। VVIPৰ তালিকাত নাম আছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ।

ariyan khanDA News PlusDrugsncbson of shahrukh khan
Comments (0)
Add Comment