জনপ্ৰিয় টেলিভিছন চেনেল ছ’নীৰ সৈতে চামিল হ’ব জী টিভি

ডিজিটেল ডেস্কঃ এণ্টাৰটেইনমেণ্ট জগতত চাঞ্চল্যৰ সৃষ্টি কৰি ছ’নী পিকচাৰ্ছ নেটৱৰ্ক ইণ্ডিয়াৰ সৈতে চামিল হ’ব গৈ আছে ‘জী টিভি’ । বুধবাৰে এই কথা সদৰি কৰিছে জী টিভি কৰ্তৃপক্ষই। জী টিভিয়ে সদৰি কৰা অনুসৰি ছ’নী টিভিৰ সৈতে জী টিভি চামিল হোৱাৰ পাছত প্ৰতিষ্ঠান দুয়োটাৰ মালিকীস্বত্ব ছ’নীৰ অধীনলৈ যাব।

ইতিমধ্যে এই প্ৰতিষ্ঠান দুটাৰ মাজত এই সন্দৰ্ভত এক চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তি অনুসৰি এই প্ৰতিষ্ঠান দুটা একেলগ হোৱাৰ পাছত ছ’নী টিভিয়ে নতুনকৈ ১৫৭ কোটি টকা বিনিয়োগ কৰিব। ফলত ৫২.৯৩ শতাংশ শ্বেয়াৰ ছ’নীৰ হাতত থকাৰ বিপৰীতে ৪৭.০৭ শতাংশ শ্বেয়াৰ জী টিভিৰ হাতত থাকিব।

উল্লেখ্য যে, এই দুয়োটা এন্টাৰটেইনমেন্ট চেনেল এক হোৱাৰ পাছত প্ৰগ্ৰাম ষ্ট্ৰেটেজি ও সলনি কৰা হ’ব।

DA News Plussony tvzee tv
Comments (0)
Add Comment