২০ দিনলৈ উদযাপন কৰা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন

ডিজিটেল ডেক্সঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিনলৈ উদযাপন কৰা হব । ১৭ ছেপ্তেম্বৰৰ পৰা হ’ব জন্মদিনৰ কাৰ্যসূচী। ৭১ তম জন্মদিনত ৩৯ খন সাংগঠনিক জিলাত বিজেপি কৰ্মকৰ্তাৰ সেৱাই সাংগঠণিক কাৰ্যসূচী পালন কৰিব। সংবাদমেল পাতি ঘোষণা কৰিলে ৰাজ্যিক বিজেপিয়ে। ১৫ হাজাৰ বুঠৰ নামঘৰ আৰু মন্দিৰত শৰাই আগবঢ়াব।

আনহাতে, দীৰ্ঘায়ু জীৱন কামনা কৰি অসমৰ পৰা ১০ লাখ প’ষ্ট কাৰ্ড প্ৰেৰণ কৰিব প্ৰধানমন্ত্ৰীলৈ। জন্মদিনটোত ৫ হাজাৰ যুৱকে ৰক্তদান কৰিব। দিব্যাংগক প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰী দিব। গাৱেঁ গাঁৱে গৈ মহিলাক আইৰন টেবলেট প্ৰদান কৰিব। ৪২ লাখ কাৰ্যকৰ্তাই ঘৰে ঘৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব। ৭১ তম জন্মদিনত ৭১টা জলাশয়, পুখুৰীও পৰিস্কাৰ কৰাৰ পৰিকল্পনা বিজেপি কৰ্মকৰ্তাৰ।

BirthdayDA News PlusIndiaNarendra ModiPM
Comments (0)
Add Comment