এইবাৰ কেন্দ্ৰীয় চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ এইবাৰ উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মূখীন হবলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰ। উল্লেখ্য যে, দেশৰ বিভিন্ন ন্যায়াধিকৰণ বা ট্ৰিবিউনেল সমূহত অধ্যক্ষ তথা বিচাৰপতিৰ পদ সমূহ দীৰ্ঘদিন ধৰি খালী হৈ আছে। অধ্যক্ষ তথা বিচাৰপতিৰ পদ সমূহ খালী হৈ থকা বাবে কেন্দ্ৰক ধমক দিলে উচ্চতম ন্যায়ালয়ে।

সোমবাৰে দেশৰ শীৰ্ষ আদালত খনৰ মুখ্যন্যায়াধীশ এন ভি ৰামাণাৰ বিচাৰপীঠে চৰকাৰে আদালত সমূহক অৱমাননা কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।
চৰকাৰে আদালতৰ ধৈৰ্য্য পৰীক্ষা কৰিবলৈ লৈছে বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যন্যায়াধীশ গৰাকীয়ে । লগতে ট্ৰিবিউনেল সমূহত এসপ্তাহৰ ভিতৰত বিচাৰপতি নিয়োগ কৰাৰ বাবে সময়সীমা বান্ধি দিয়ে মুখ্যন্যায়াধীশ ৰামাণাৰ বিচাৰপীঠে ।

chief justiceDA News Plus
Comments (0)
Add Comment