তালিবানক সমৰ্থন কৰা ভাৰতীয় সকলৰ বিৰুদ্ধে সৰৱ অভিনেতা নাছিৰুদ্দিন শ্বাহ

ডিজিটেল ডেস্কঃ তালিবানক সমৰ্থন কৰা ভাৰতীয় মুছলিম লোক সকলৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বলিউডৰ অভিনেতা নাছিৰুদ্দিন শ্বাহ।
নাছিৰুদ্দিন শ্বাহ সেই সকল ভাৰতীয় মুছলিম লোকৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে যি সকলে তালিবানে আফগানিস্তান দখল কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে।

অভিনেতা শ্বাহে এনেধৰণৰ চিন্তা-ধাৰা বিপদজনক বুলি মন্তব্য প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ৰ জৰিয়তে ভাৰতীয় একাংশ মুছলিম লোকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অভিনেতা নাছিৰুদ্দিন শ্বাহে।
অভিনেতা গৰাকীয়ে লগতে কয় যে, আজি প্ৰতিগৰাকী ভাৰতীয় মুছলিমে নিজকে প্ৰশ্ন কৰা প্ৰয়োজন যে তেওঁলোকে ধৰ্ম সংস্কৰণ, আধুনিকতা বিচাৰে নে বিগত শতিকাৰ দৰে একে বৰ্বৰতাৰ সৈতে জীয়াই থকাটো বিচাৰে”।

DA News Plusnaseer uddin swhah
Comments (0)
Add Comment