জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ আকস্মিক মৃত্যু

ডিজিটেল ডেক্স: ‘বিগ বছ’ৰ ১৩ সংখ্যক সংস্কৰণৰ বিজয়ী জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগৰ খবৰে শোঁকৰ চা পেলাইছে অনুৰাগীসকলৰ মাজত। আজি পুৱা মাত্ৰ ৪০ বছৰ বয়সতে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে জনপ্ৰিয় অভিনেতা গৰাকী।

উল্লেখ্য যে, কেইবাখনো টিভি ধাৰাবাহিকত অভিনয় কৰিছিল সিদ্ধাৰ্থ শুক্লাই। বালিকা বধু ধাৰাবাহিক, Humpty Sharma Ki Dulhania নামৰ ছবিখনতো অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে। লগতে ‘ফিয়াৰ ফেক্টৰ-খতৰো কে খিলাড়ী চিজন ৭’তো দেখা গৈছিল শুক্লাক, ইপিনে ‘সাৱধান ইণ্ডিয়া’ আৰু ইণ্ডিয়াজ গট টেলেণ্ট’তো অংশ লৈছিল প্ৰতিভাৱান অভিনেতা গৰাকীয়ে।

DA News PlusDeathsiddarth shukla
Comments (0)
Add Comment