ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ডিজিটেল ডেক্সঃ ইটালীৰ প্ৰধান মন্ত্ৰী মাৰিঅ দ্ৰাগীৰ সৈতে টেলিফোনিক কথোপকথন প্ৰধান মন্ত্ৰী মোদীৰ। আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিক লৈ দুয়োৰে মাজত আলোচনা।দেশ খনৰ শেহতীয়া পৰিস্থিতি সংক্ৰান্তত আন্ত:ৰাষ্ট্ৰীয়ভাৱে সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ মোদীৰ।

আন্ত:ৰাষ্ট্ৰীয়ভাৱে সমন্বিত প্ৰচেষ্টাৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰাৰ কথা এক টুইট যোগে প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হয় যে, টেলিফোনিক বাৰ্তালাপত আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি তথা বিশ্ব আৰু দেশখনৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে মোদী আৰু দ্ৰাগীয়ে।

AFGHANISTAN EX MINISTERDA News Plusmario dragiPM Modi
Comments (0)
Add Comment