কাবুল বিমানবন্দৰত ভয়ংকৰ বিস্ফোৰণ, ১২ মাৰ্কিন সেনা সহ নিহত ৬০

ডিজিটেল ডেক্সঃ আফগানিস্তানৰ কাবুল বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণ। দুটাকৈ বোমা বিস্ফোৰণে কঁপাই গৈছে সমগ্ৰ কাবুল বিমানবন্দৰ। বিস্ফোৰণত নিহত হৈছে ১২ মাৰ্কিন সেনা সহ ৬০ জন লোক। লগতে এই আত্মঘাতী বিস্ফোৰণত আহত হৈছে ডেৰ শতাধিক লোক।

এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ISIS য়ে। সন্ত্ৰাসবাদিৰ এই আক্ৰমণক তীব্র গৰিহণা ৰাষ্ট্ৰসংঘৰ।
ISIS ৰ এই আক্ৰমণৰ পিছত ISIS ৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে জ’বাইডেনে।

জ’বাইডেনৰ স্পষ্ট মন্তব্য এই আক্ৰমণ আমি পাহৰি নাযাওঁ, ইয়াৰ উচিত প্ৰত্তুত্যৰ দিয়া হ’ব। সেনানায়ক সকলক এই আক্ৰমণৰ প্ৰত্তুত্যৰ দিবলৈ পৰিকল্পনা সাজু কৰাৰ নিৰ্দেশ জ’বাইডেনৰ।
আফগানিস্তানৰ পৰা আমেৰিকাৰ নাগৰিক সকলক উদ্বাৰ অভিযান অব্যাহত থাকিব। প্ৰয়োজন হলে আফগানিস্তানলৈ আৰু অধিক সেনা মোতায়েন কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ৰাষ্ট্ৰপতি জ’বাইডেনে।

KABUL AIRPORT ATTACKKABUL AIRPORT NEWS
Comments (0)
Add Comment