হঠাৎ যাত্ৰীবাহী ৰে’লৰ পাঁচটাকৈ দবা লাইনচ‍্যুত

ডিজিটেল ডেক্সঃ দক্ষিণ কামৰূপৰ ছয়গাৱঁত সংঘটিত হৈছে এক দুৰ্ঘটনা। এখন যাত্ৰীবাহী ৰেল গুৱাহাটীৰ পৰা হাওৰা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

ছয়গাওঁ ষ্টেচনত হঠাৎ ৰেল খনৰ পাঁচটাকৈ দবা লাইনচ্যুত হৈ পৰে। দুৰ্ঘটনাত পতিত হোৱা ৰে’ল খন আছিল শৰাইঘাট এক্সপ্ৰেছ। কামাখ্যা-যোগীঘোপা ৰে’ল পথত লাইনচ্যুত হৈছিল ৰে’ল খনৰ দবা। এই দুৰ্ঘটনাত ৰে’ল পথৰ কিছু ক্ষতি হৈছে যদিও অৱশ্যে কোনো যাত্ৰী হতাহত হোৱা নাই।

saraighat expressTrain accident
Comments (0)
Add Comment